জুবিনৰ মৃত্যুৰ লগত জড়িত ডাঙৰ খবৰ
কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলি খকাৰ মাজতে তেওঁৰ সৈতে ছিংগাপুৰলৈ যোৱা কণ্ঠশিল্পী জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দিপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে। অসম আৰক্ষীৰ ডিএচ পি পদত কৰ্মৰত সন্দিপন গাৰ্গ। জুবিনৰ মৃত্যুৰ তদন্তত এয়া পঞ্চমটো গ্ৰেপ্তাৰ।
১৭ ছেপ্টেম্বৰত উত্তৰ-পূব ভাৰত মহোৎসৱ(NORTH EAST FESTIVAL) ৰ বাবে ছিংগাপুৰ ভ্ৰমণৰ সময়ত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। ৫২ বছৰীয়া জুবিনে ইয়ট পাৰ্টিত সাঁতুৰিবলৈ গৈছিল আৰু পিছত ৰহস্যজনক ভাৱে পানীত মুখ তললৈ ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছিল অসমীয়াৰ হাৰ্টখ্ৰৱ গৰাকীৰ শৰীৰ।
এই যাত্ৰাতেই জুবিনক অনুৰোধ কৰাত বিদেশ ভ্ৰমনৰ ইচ্ছা কৰা কাৰনে ভাতৃ সন্দীপনকো লৈ গৈছিল ছিংগাপুৰলৈ। ইয়ট পাৰ্টিতো তেওঁ উপস্থিত আছিল।
বিশেষ তদন্তকাৰী দলৰ মুৰব্বী সাংসদ গুপ্তাই জনায় যে সন্দিপনক অতি শীঘ্ৰেই আদালতত হাজিৰ কৰোৱা হব।
